ফটাঢোল

সংখ্যাটো আঁৰৰ কথাবোৰ

জয় জয়তে সকলো ফটাঢুলীয়া ৰাইজলৈ মোৰ আন্তৰিক অভিবাদন আৰু কৃতজ্ঞতা জনোৱাৰ লগতে ব’হাগ বিহু উপলক্ষেও সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো৷ এখন আলোচনীৰ এটা সফল সংখ্যা প্ৰকাশৰ আঁৰত বহু লোকৰ পৰিশ্ৰম ও একাগ্ৰতা তথা সাধনা জড়িত হৈ থাকে৷এই সন্মিলিত প্ৰচেষ্টাৰ ফচলেই হয়গৈ এটা সফল সংখ্যা প্ৰকাশৰ আধাৰ৷তদুপৰি আলোচনী এখনৰ সফলতাৰ মূল চালিকা শক্তিয়েই হ’ল আলোচনীখনৰ লেখা সমূহ৷ সেয়েহে ‘ফটাঢোল’ৰ সকলো ন-পুৰণিৰ লেখক-লেখিকালৈ মোৰ আন্তৰিক নমন তথা ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ এতিয়া আহোঁ মূল কথালৈ৷ জানুৱাৰী মাহৰ এটি গধূলি হঠাৎ ফোনটো বাজি উঠিল,

Read more

সংখ্যাটোৰ আঁৰৰ কথা 

প্ৰথম ফোন কলটো পাইছিলো ৰিণ্টুমণি দত্তদাৰ পৰা। ফটাঢোল ই আলোচনীখনৰ এইমাহৰ সম্পাদক তুমি হ’ব লাগিব বুলি কওঁতেই হাত ভৰি কপি গৈছিল। এনেকুৱা এখন জনপ্ৰিয় আলোচনীৰ সম্পাদকৰ দৰে গভীৰ দায়িত্ব পালন কৰিবলৈ পাৰিম নাই ভাবিয়েই মনটো উগুল থুগুল লাগিছিল। ইয়াৰ পাছত দেৱজিতে ফোন কৰি কথাখিনি বুজায় দিলে। দেৱজিতৰ কথা আৰু সহযোগিতাত মনলৈ যথেষ্ট সাহস আহিল। ইয়াৰ পাছত আহিল বিভিন্নজনৰ প্ৰেৰণাদায়ক মেচেজ। সকলোৱে মনত উৎসাহ দিয়াত অপৰিপক্ক হাতেৰেই আলোচনীখনৰ কাম হাতত তুলি ল’লো। আৰম্ভ হ’ল এক বৰ্ণময় যাত্ৰাৰ। আলোচনী এখনৰ মূল চালিকাশক্তি

Read more

সংখ্যাটোৰ আঁৰৰ কথা

দেৱজিৎ দাৰ ফোন আহিল বিহুৰ কেইদিনমান পাছতে। “এইবাৰৰ সম্পাদক তুমি” বুলি কোৱাৰ লগে লগে মনলৈ আহিল ইমান গধূৰ দায়িত্ব পাৰিম জানো। প্ৰশ্নটো মনৰ পৰা সিফালে কেনেকৈ গম পালে নাজানো। লগে লগে অভয় বাণী “তুমি চিন্তা নকৰিবা আমি সকলো আছোঁ”। এই ফটাঢোলৰ আমি শব্দৰ ওপৰত মোৰ গভীৰ আস্থা। গোটে আত্মপ্রকাশ কৰিয়েই ২০১৭ৰ বান সাহাৰ্যৰ পৰা আজিলৈকে পোৱা গঢ় লোৱা আস্থা।  জুন সংখ্যাৰ সম্পাদকৰ দায়িত্ব দিয়া বুলি ঘোষণা হোৱাৰ লগে লগে সমূহ জ্যেষ্ঠসকলৰ আশীর্বাদ আৰু শুভকামনা পোৱাৰ লগে লগে মনলৈ আৰু সাহস

Read more

সংখ‍্যাটোৰ আঁৰৰ কথা

হঠাতে এদিন দেবজিত শৰ্মাৰ ফোন আহিল মোলৈ। স্ক্ৰীণত দেবজিতৰ নামটো দেখি অলপমান আচৰিতে হ’লোঁ। কিয়নো আমাৰ মাজত হুৱাটচএপত মাজে মাজে কামৰ কথা লৈ কথা-বতৰা চলে যদিও সাধাৰণতে ফোন কৰা নহয়। কিয়বা ফোন কৰিলে বুলি লগে লগে ফোনটো ধৰিলোঁ।  তেওঁ মোৰ খা-খবৰ ল’লে। তাৰপাছত ক’লে যে বাইদেউ আপুনি এইবাৰ ফটাঢোল ই-আলোচনীৰ সম্পাদক হ’ব লাগে। প্ৰিয় গোটটোৰ, প্ৰিয় আলোচনীখনৰ সম্পাদক হ’বলৈ আগবঢ়োৱা প্ৰস্তাৱটো না কৰাৰ প্ৰশ্নই নুঠে। তথাপিও অলপ ভয় লাগিল কাৰণ ইয়াৰ আগতে মই আলোচনীখনলৈ লেখা দিওঁ বা কেতিয়াবা লেখা শ্বেয়াৰ

Read more

সংখ্যাটোৰ আঁৰত

প্ৰথমতে আলোচনীখনৰ যাত্ৰাত মোক সহায় কৰা প্ৰতিজন ব্যক্তিকে মোৰ আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জনালোঁ। আপোনালোকৰ অবিহনে মোৰ এই যাত্ৰা সফল কোনোমতেই নহ’লহেঁতেন। এতিয়া আহোঁ মূল কথালৈ। চলিত বৰ্ষৰ মাৰ্চ মাহত এদিন ৰিণ্টুদা মানে ৰিণ্টুমণি দত্ত দাদাৰ ফোন এটা আহিল মোলৈ। কোনো কথাৰ পাতনি নেমেলি মোক ঘপহকৈ ক’লে যে ” ডলী তুমি অহা সংখ্যাৰ আলোচনীৰ সম্পাদক হ’ব লাগিব”। হঠাতে সম্পাদক পতাৰ কথা শুনি মই আচৰিত হ’লোঁ। মই চিধাই ৰিণ্টুদাক ক’লোঁ, “মই নোৱাৰিম। আপুনি বেলেগক কওক”। ৰিণ্টুদাই সুধিলে “কিয় নোহোৱা? হ’বই লাগিব”।

Read more

সংখ্যাটোৰ আঁৰৰ কথা

জুন মাহৰ কোনোবা এটা উৎকট গৰমৰ দিন,কৰ্মক্ষেত্ৰত বহি আছোঁ,ওপৰত নুঘুৰা ফেনখন। তেনেতে মোবাইলৰ স্ক্ৰীণত নামটো জিলিকিল ফটাঢোল দেৱজিত। ৰিচিভ কৰাৰ লগে লগেই “ব্যস্ত চাগে,বেছি সময় নলওঁ মাত্ৰ তিনিমিনিট ল’ম” বুলি কৈ মোক দিলে ফচাই তিনিমাহলৈ বুইছে! ফচোৱা শব্দটো ব্যৱহাৰ নকৰি মই কিনো কৰো বাৰু কওকচোন,আগতে দুবাৰমান মোক সম্পাদকৰ দায়িত্ব ল’বলৈ কওঁতে মই যিখন কাকূতি-মিনতি কৰোঁ, কোৱাজন সেইভাগেই তাপ মাৰে। আচলতে এই দায়িত্বভাগৰ কাৰণে মই নিজকে যোগ্য কৰি তুলিবই পৰা নাই আজিলৈ।  দ্বিতীয়তে দীৰ্ঘদিন ধৰি ফেচবুকত সক্ৰিয় হৈ নথকাৰ বাবেও চাগে

Read more

সংখ্যাটোৰ আঁৰৰ কথা

এজন মানুহ প্ৰথমবাৰৰ বাবে বাছত উঠি চহৰলৈ বুলি ওলাল। ওখ পাখ সুঠাম চেহেৰাৰ আদবয়সীয়া লোকজনে উঠিয়েই ড্ৰাইভাৰৰ পিছফালে থকা চিটটোত বহি ল’লে। প্ৰথমবাৰৰ বাবে বাছত উঠা বাবে সকলোবোৰ কিবা অদ্ভুত যেন লাগিছিল। সেয়েহে পিছৰ চিটত বহি ড্ৰাইভাৰে কৰা সকলো কাম আগ্ৰহেৰে চাবলৈ ধৰিলে তেওঁ। চকুদুটা ডাঙৰ ডাঙৰকৈ মেলি ড্ৰাইভাৰৰ হাতদুখনে কেনেদৰে ষ্টিয়াৰিং আৰু গিয়েৰডাল নিয়ন্ত্ৰণ কৰিছে তাকে লক্ষ্য কৰি থাকিল।  তেনেতে চাহ খাবলৈ বাছখন এঠাইত ৰ’ল। ড্ৰাইভাৰকে আদি কৰি সকলোৱে বাছৰ পৰা নামি চাহ খাবলৈ গ’ল। উভতি আহি চালকজনে গাড়ীত

Read more

সংখ্যাটোৰ আঁৰৰ কথা : শংকৰজ্যোতি বৰা

সংখ্যাটোৰ আাঁৰৰ কথা খিনি প্ৰায় প্ৰতিটো সংখ্যাতে একে ধৰণৰ হয়৷মই দায়িত্ব লৈয়ে ভাবিছিলো এইবাৰ সংখ্যাৰ আঁৰৰ কথাখিনি অলপ বেলেগকৈ লিখিবলৈ চাম৷ ভবা নাছিলো,সছাকৈয়ে বেলেগ ধৰণেৰেই লিখিব লাগিব৷ জানুৱাৰী সংখ্যাটো সম্পাদনা কৰিব লাগিব বুলি ৰিন্টুদাই পূজাৰ সময়তে কৈ থৈছিল৷ মই নিজেও সাজু হৈছিলো৷ হঠাৎ দেউতাৰ আকস্মিক অসুখৰ বাবে দেউতাৰ লগত ব্যস্ত হৈ যাব লগা হ’ল৷ তাৰ পিছত মাৰ্চৰ কোনোবা এটা দিনত ৰিন্টুদাৰ ফোন৷ এপ্ৰিলত কাম কৰি মে’ সংখ্যাটো সম্পাদনা কৰিব লাগিব৷ ময়ো একো নভবাকৈ হ’ব বুলি কৈ থলো৷ গ্ৰুপত ঘোষণা কৰাৰ

Read more

সংখ্যাটোৰ আঁৰৰ কাহিনী

হঠাৎ এদিন মেছেঞ্জাৰত এটা বাৰ্তা আহিল দেৱজিত শৰ্মা দাৰ পৰা। তেওঁ মোৰ যোগাযোগ নম্বৰটো বিচাৰিলে। মই বিশেষ চিন্তা নকৰি তেওঁক নম্বৰটো দিলোঁ। তেওঁ সেইদিনা ফোন নকৰিলে। ময়ো ফোন নম্বৰ দিয়া কথাটো পিছলৈ পাহৰিলোঁ। হঠাৎ এদিন তেওঁ মোক ফোন কৰি ফটাঢোল আলোচনীৰ মাৰ্চ সংখ্যাটোৰ বাবে সম্পাদকৰ দায়িত্ব ল’বলৈ অনুৰোধ কৰিলে। মোৰ কৰ্মব্যস্ততাৰ বাবে মাৰ্চ সংখ্যাটোৰ সলনি এপ্ৰিল সংখ্যাটোৰ সম্পাদনা কৰাৰ গুৰু দায়িত্ব মূৰ পাতি ল’লো। দায়িত্ব ল’লো যদিও মনৰ মাজত হাজাৰটা প্ৰশ্নই উকমুকনি দি থাকিল। ভয়ো অলপ লাগি থাকিল। ইয়াৰ আগতে

Read more

সংখ্যাটোৰ আঁৰৰ কথা

কথাবোৰ ঠিক ক’ৰপৰা আৰম্ভ কৰিলে ভাল হ’ব ঠিক ভাবি পোৱা নাই। ফটাঢোল গোটটি জন্ম হোৱাৰ পৰাই আজিলৈকে পাঁচটা বছৰ পাৰ হৈ গ’ল। আলোচনীখন উলিওৱাৰ কথা চলি থকা সময়তেই ৰিণ্টুমণি দত্তদা,হেমন্ত কাকতি দাক আটাইখিনি চমজাই দিছিলোঁ। সঁচাই ক’বলৈ গ’লে আলোচনীখন উলিওৱাৰ ক্ষেত্ৰত তেওঁলোকৰ আৰু আলোচনী টিমৰ ওচৰত কৃতজ্ঞ সদায়েই। বহুত দিনৰ পৰাই ৰিণ্টুদাই সম্পাদক হ’বলৈ কৈ আছিল, সময়ৰ অভাৱৰ অজুহাত দেখুৱাই পিছুৱাই আছিলো যোৱা দুবছৰ মান ধৰি। পিছে এইবাৰ বন্ধুবৰ দেবজিত শৰ্মাই টানকৈ নেলু চেপাদি চেপি ধৰাত সম্পাদক হ’বলৈ কোনোমতে হয়ভৰ

Read more
1 2 3 7