ফটাঢোল

ধূপকাঠি, মই আৰু আমাৰ এওঁ – পাৰ্থজ্যোতি বৰুৱা

ধূপকাঠি বুলিলে একপ্ৰকাৰ পাগল মই৷ ৰাতিপুৱা, দুপৰীয়া, আবেলি বা সন্ধ্যা বুলি কোনো কথা নাই৷ যেতিয়াই মন যায় তেতিয়াই জ্বলাই দিওঁ৷ ইমানেই পাগল যে, বিভিন্ন সুগন্ধি ল’বৰ বাবে ডাঙৰ ডাঙৰ বজাৰত সন্ধ্যা দোকানৰ মুখে মুখে পিটপিটাই ফুৰাৰো অভ্যাস আছে মোৰ৷ তাকো অকলে অকলে৷ আনহে নালাগে ভাল ধূপকাঠি জ্বলোৱা মানুহৰ ঘৰলৈ সন্ধ্যা দুই মিনিটৰ কাৰণে গৈ নিশা ভাত খাই অহাৰো নজিৰ আছে৷ জ্বলাওঁ যি হাৰত, কিনোও সেই হাৰত৷ বজাৰত নিতৌ চাৰ্ভে কৰোঁ৷ নতুন নতুন ব্ৰেণ্ডৰ সন্ধান কৰোঁ৷ একেটা ব্ৰেণ্ডকে দুবাৰ কেতিয়াও নিকিনো৷

Read more

ডিক্লেয়াৰ – মিতালী চহৰীয়া

এদিন প্ৰণৱদাই অফিচৰ পৰা আহি দেখে যে, দুদিনমানৰ আগতে ভূটানৰ পৰা পুহিবলৈ বুলি অনা ভূটীয়া কুকুৰটো বাৰাণ্ডাখনত লাং খাই পৰি আছে৷ লৰচৰ একো নাপাই লগে লগে প্ৰণৱদাই কুকুৰটোক গাড়ীত তুলি আমাৰ পশু চিকিৎসকৰ চেম্বাৰলৈ লৈ গ’ল৷ প্ৰণৱদা : ছাৰ ছাৰ চাওকচোন, মোৰ মৰমৰ কুকৰটোচোন কিবা হঠাতেই মাত বোল নোহোৱা হৈ পৰি থাকিল৷ আপোনাৰ ওপৰতেই ভৰষা আৰু৷ ডাক্তৰ : (ষ্টেথোস্কোপডাল দুবাৰমান লগাই চাই) বুজিছে আই এম চৰি। আপোনাৰ কুকৰটো ব্ৰট ডেথ৷ সেই যে শ্ৰীদেৱী বাথৰুমত পৰি আছিল আপোনাৰ কুকুৰটোৰ কেচটো ঠিক

Read more

মালতী আইতাৰ কথাৰে – কাজলপ্ৰিয়া

স্বাধীনতাৰ কেইবা দশক পূৰ্বে এখন ভিতৰুৱা গাঁৱত জন্ম আৰু বিবাহ মালতী আইতাৰ। সেই হিচাপে বাহিৰৰ পৃথিৱীখনৰ লগত আইতাৰ কোনো সম্পৰ্কই নাই৷ নব্বৈ দশকৰ শেষৰফালে আইতাৰ আঠজন জোঁৱাইৰ কোনোবা এজনে টৰ্চ এটা আইতাক উপহাৰ দিলে৷ জোঁৱায়ে দিয়া উপহাৰ বুলি আইতাই এবছৰমান টৰ্চটো বৰপেৰাত সাঁচি থলে, এদিন সৰু পুতেকে বোলে, “এই কথাই কথা নহয় আই, ভিনিয়ে দিয়া টৰ্চটো উলিয়াই ল, ৰাতি বিয়লি সকাম নিকাম খাবলৈ যাওঁতে লৈ যাব পৰিবি”৷ সেইদিনা কাৰোবাৰ ঘৰত বৰসবাহ খাবলৈ যাওঁতে পুতেকে আইতাক টৰ্চটো জ্বলাই দি পঠিয়ালে৷ সকামৰ

Read more

টেক্সী বনাম অ’লা-উবেৰ – অমিতাভ মহন্ত

ক’লকাতাত হালধীয়া টেক্সী চাৰ্ভিচটো উঠাই দিব নোৱাৰিনে? প্ৰভুসকলেতো নিজৰ ইচ্ছা নাথাকিলে যাত্ৰীৰ ইচ্ছানুযায়ী ক’লৈকো নাযায়৷ কেতিয়াবা যদিহে কাষ্টমাৰৰ ইচ্ছামতে যাব লাগে তেনেহ’লে মিটাৰৰ ওপৰত এটা এনেকুৱা ভাড়া খুজি দিব যে সেয়া দেখি তেওঁলোকৰ কল্পনাশক্তিৰ ওপৰত শ্ৰদ্ধা উপজি আপোনাৰ শিৰ নত হৈ পৰিব৷ ঠিকেইতো, এইখিনি এক্সট্ৰা নল’লে প্ৰভুসকলৰ শৰীৰৰ সঞ্চালন হ’ব বুলি আশাই বা কিয় কৰো? কালি ৰাতি কলেজ ষ্ট্ৰীটৰ পৰা ওলাইছো, বতৰটো বেয়া হৈ আহিছে৷ সোনকালে হোটেললৈ উভতিব লাগে৷ প্ৰেসিডেন্সীৰ সন্মুখত তথাকথিত এপিচ “ন’ ৰিফিউজেল” মাল ৰৈ আছে৷ সুধিলো, পাৰ্ক

Read more

ভালপোৱাৰ তেজ – উজ্জ্বল দিপ্লু গগৈ

যোৰহাট জে.বি. কলেজৰ কোনোবা এটা দুপৰীয়া: আৰ্টছৰ ল’ৰা এজন,  জুল’জী ডিপাৰ্টমেণ্টৰ ছোৱালী এজনীৰ প্ৰতি,- “মোক তুমি কিয় ভাল নোপোৱা, মোৰ হাত কাটিলেও ৰঙা তেজ ওলাব, তোমাৰো ৰঙা তেজেই ওলাব, মাত্ৰ আমাৰ মন দুটা মিলাব পৰাটোহে আচল কথা৷” ছাত্ৰী: বান্দৰ, তেজৰ কথা ক’বলৈ আহিছ’?  মোৰ ব্লাড গ্ৰুপ A-,  তোৰ ব্লাড গ্ৰুপ কি? ক’  মিলিবনে তোৰ গ্ৰুপ?  য’ত ত’ত তেজৰ কথা মিলাবলৈ নাহিবি বুইছ’! জুল’জী ৰকড্ আৰ্টচ শ্বকড্৷ ☆★☆★☆

Read more

চেণ্টুদাৰ ফটা পুৰাণ – নিতুপন ডেকা

বিমুদ্ৰাকৰণৰ সময় ৷ সকলো মানুহ চিন্তাত ৷ কি হ’ব গৈ আছে একো ঠিক নাই ৷ কিন্তু আমাৰ চেণ্টু’দাৰ কোনো টেনচনেই নাই ৷ আৰামত চকীত বহি এটা ভৰিৰ ওপৰত আনটো ভৰি তুলি বিড়ি টানি টানি হাঁহি আছে ৷ মোক মন মাৰি থকা দেখি চেণ্টু’দাই ক’লে, টিনচন কিয় লৈছা ৰে তই ? মই: কি টেনচন নল’ম হে…… বেংকত লাইন পাতি পাতিও নতুন নোট পোৱা নাই ৷ আপুনি দেশৰ খবৰ কিবা জানিলেহে…. চেণ্টু’দা: সিঃ সিঃ সিঃ … এই চেণ্টুই নাজানা কথা এই দুনিয়াত

Read more

প্ৰতিশোধ – মাধৱ লহকৰ

তেতিয়া মই ঔষধ কোম্পানী এটাত আঞ্চলিক মেনেজাৰৰ কাম কৰি আছিলো৷ সেইটো বছৰত কোম্পানীৰ পৰা মিল্টনৰ ফ্লাক্স আহিছিল পূজাৰ উপহাৰ হিচাপে, ফাৰ্মেচী আৰু বিতৰকৰ বাবে৷ ঘটনাটো ঘটিল উপহাৰ বিতৰণৰ সময়ত৷ যদিও সেই উপহাৰটোৰ বাবে কোনো চেল টাৰ্গেত নাছিল, কিন্তু চেলচৰ মানুহ হিচাপে “অন্দৰ কা ভূত নিকাল হি আতা হে” না, সেয়েহে ক’লো, : দাদা আপোনাৰ বাবে বৰ বঢ়িয়া কমপ্লিমেণ্ট এটা আহিছে, আপুনি মাত্ৰ পাঁচহাজাৰমান টকাৰ মাল উঠালেই হ’ব৷ : দাদা আপুনি মোক গিফ্টটো দি চাওকনা, মই বিশহাজাৰ টকাৰ মাল উঠাই দিম৷

Read more

দাম্পত্য কলহ – ৰাজশ্ৰী শৰ্মা

শ্ৰীমতীয়ে চোফাত বহি পুৱাই পুৱাই পেপাৰ হাতত লৈ, “তুমি যদি কোৱা, জোনটি আনি দিম৷ তুমি যদি কোৱা, নদীতো জাপ দিম৷ ইফ ইউ চে লা লা লি লি, সাগৰো সাঁতুৰিম৷ ইফ ইউ চে ধেং তেং৷” শ্ৰীমানে পুৱাৰ লাল চাহ দুকাপেৰে থালখন আনি আলফুলে ডাইনিং টেবুলত থ’লে৷ ক’ৰবাত চাহ পৰিলে দাগটো গুচাবলৈ টান৷ ক’লিন মাৰিলেহে যাব৷ গতিকেই সাৱধানতা অৱলম্বন কৰি শ্ৰীমতীৰ ফালে চাই চিঞৰিলে, “অ’ মহাৰাণী, আঁহা চাহ একাপ খোৱা৷ মোৰ আকৌ ভাতো ৰান্ধিবলৈ আছে৷ পুৱাই পুৱাই ক’ত জোনবাই আনিবলৈ যোৱা?” শ্ৰীমতী

Read more

ডাক্তৰৰ চিঠি – ব্ৰহ্মানন্দ পাতিৰি

এবাৰ আমাৰ ডাক্তৰ চাহাবৰ পো’ষ্টিং ইন্দু বাইটিহঁতৰ গাঁৱৰ ফালে হ’ল। বাইটি সৰবৰহী,  তাতে চেলিব্ৰেটি। সকলোৱে চিনি পায় আৰু! এদিন আমাৰ ডাক্তৰ বাবুৰ কাম কৰা ল’ৰাটো ‘দেচ’ গ’লগৈ। ৰাতিপুৱা মেগী চেগী খালে। দুপৰীয়াৰ বাবে ইন্দু বাইটিৰ ঘৰত খোৱাৰ প্লেন কৰিলে। ফোনালে এয়াৰচেল। একো নাই। লৰা-লৰিকৈ প্ৰেছক্ৰিপশ্বন শ্লিপত দুপৰীয়া ভাত খাম বুলি চিঠি এখন লিখি ৱাৰ্ড বয়টোৰ হাতত দি বাইটিৰ ঘৰলৈ পঠিয়াই দিলে। বাইটিয়ে এনে চিঠি পায় অবাক! একো বুজি নাপালে। ল’ৰা-ছোৱালীক পঢ়িব দিলে, নাই একো বুজি নাপালে। ডাক্তৰে লিখা বুলি কাষৰ

Read more

অসমীয়া লেখকৰ সমস্যা ‘গেছ’ – সমুদ্ৰ কাজল শইকীয়া

এই সময়ৰ অসমীয়া কবিতাৰ সমস্ত সমস্যাৰ গুৰিতে হৈছে গেছ৷ আমাৰ বেছিভাগ মানুহেই সময়মতে খোৱা-বোৱা নকৰে৷ কৰিলেও খাদ্যাভ্যাস স্বাস্থ্যসন্মত নহয়৷ ফলত ডেকা বুঢ়া সমন্বিতে বেছিভাগ অসমীয়া মানুহেই এচিডিটি সমস্যাৰে আক্ৰান্ত৷ আশ্চৰ্যজনকভাবে অসমেই একমাত্ৰ দেশ য’ত দুজন ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে দেখা হ’লেও পাতনিসূচক কথা হিচাপে পেটত গেছ হোৱাৰ কথা পাতি ভাল পায়৷ “এহ নক’ব বুইছেনে, কালি ৰাতিৰে পৰা পেটত গেছেই গেছ” – যেনিবা গেছ এটা উদযাপন কৰিবলগীয়া বস্তুহে৷ গেছ এনে এটা বস্তু যিটো নোখোৱাজনৰো হয়, বেছিকৈ খোৱাজনৰো হয়৷ সি যি কি নহওক

Read more
1 74 75 76 77 78 115