ৰন্ধনশালা-কুমকুম শৰ্মাবৰুৱা
বিয়াৰ আগতে মালাই ঘৰত কাপোৰ ধুইছিল, ঘৰ-চোতাল সৰা-মোচা কৰিছিল আৰু কেতিয়াবা শাক-পাচলি ছিঙি আনিছিল। কিন্তু বিবিধ ব্যঞ্জন ৰান্ধি পোৱা নাছিল। মাকৰ অসুখ হ’লে মাত্ৰ মগুদাইল নেমুদি লগতে পাচলি দি আৰু ভাত খৰিৰ জুইত যেনেতেনে ৰান্ধে। মাছ-মাংস ৰান্ধিয়েই পোৱা নাছিল তাই। এতিয়া বিয়াৰ পিছততো সেইটো নচলিব। ভাত-দাইল বাৰু যেনেতেনে ৰান্ধিব পাৰে। বাকীবোৰ একো নাজানে। মাছ ভাজিলে ভিতৰটো নিসিজাকৈ জ্বলি যায়। কোৱাৰ্টাৰলৈ অহাৰ কেইদিনমানৰ পিছতে তাইৰ গৃহস্থ চন্দনে হোষ্টেলৰ বন্ধু তিনিজন ভাত খাবলৈ মাতি থৈ আহিল। তাইক ক’লে মাছবোৰ কেঁচা তেলতে নাভাজিবা,
Read more